Homen borgohain biography of barack


  • Homen borgohain biography of barack
  • [MEMRES-5].

    হোমেন বৰগোহাঞি

    হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। 'পিতা-পুত্ৰ' গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰসাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল[1] যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল।[2][3] হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।

    বিবাহসূত্ৰে তেওঁ অসমৰ আন এগৰাকী সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল আৰু দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-